(১) ইংৰাজী ভাষা শিকন প্ৰতিষ্ঠানৰ দ্বাৰা আগবঢ়োৱা প্ৰশিক্ষণ কাৰ্য্যসূচীত আচ্ছাদিত বিষয়সমূহ কি?
উত্তৰঃ প্ৰশিক্ষণ সামৰি লোৱা বিষয়সমূহ হৈছে- ক্ৰিয়াবিধি, চাৰিটা বুনিয়াদী দক্ষতা, ফোনেটিক্স, ব্যাকৰণ, মূল্যায়ণ আৰু পৰীক্ষা, অধ্যয়ন দক্ষতা, পীয়াৰ শিক্ষণ, শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা আদি।
(২)ইংৰাজী ভাষা শিকন প্ৰতিষ্ঠানে আগবঢ়োৱা পাঠ্যক্ৰমসমূহ কি?
উত্তৰঃ ইংৰাজী ভাষা শিকন প্ৰতিষ্ঠানে আগবঢ়োৱা পাঠ্যক্ৰমসমূহ হৈছে-
(১) ইংৰাজী ভাষাৰ ওপৰত তিনিমহীয়া ডিপ্লোমা পাঠ্যক্ৰম
(২) ইংৰাজী ভাষাৰ ওপৰত এমহীয়া মানপত্ৰ পাঠ্যক্ৰম
(৩) ইংৰাজী ভাষাৰ ওপৰত হ্ৰস্বকালীন প্ৰশিক্ষণ
(৪) অসমৰ জনজাতীয় আৰু অধ্যুষিত অঞ্চলৰ বাবে হ্ৰস্বকালীন ডৰষ্টেপ কাৰ্য্যসূচী
(৩) প্ৰশিক্ষণ কাৰ্য্যক্ৰমৰ সময়ত বাহিৰৰ প্ৰশিক্ষাৰ্থীয়ে কেনেধৰণৰ সুবিধা পায়?
উত্তৰঃ বাহিৰৰ প্ৰশিক্ষাৰ্থী শিক্ষকে ১০ এ পি(জ্যোতি চিত্ৰবনৰ ওচৰত)ত থকা অসম ইংৰাজী ভাষা শিকন প্ৰতিষ্ঠানৰ অসম অতিথিশালাত থাকিব পাৰে। আৱাসীসকলক খাদ্য যোগান ধৰা হয়। প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী শিক্ষকসকলে ইংৰাজী ভাষা শিকন প্ৰতিষ্ঠানৰ নিয়ম অনুসৰি ভ্ৰমণ ভাট্টা আৰু দৈনিক ভাট্টা লাভ কৰে। তেওঁলোকে সংশ্লিষ্ট বিদ্যালয়ৰ পৰা দৰমহা অৰ্জিত কৰিব পাৰে।
(৪)ইংৰাজী ভাষা শিকন প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজন কৰা প্ৰশিক্ষণ কাৰ্য্যসূচীত বিদৰে অংশগ্ৰহণ কৰিব পাৰিম?উত্তৰঃ সাধাৰণতে মুখ্যকাৰ্য্যালয়ত আয়োজিত একোটি আসন্ন কাৰ্য্যসূচীৰ তথ্য জিলাৰ বিদ্যালয় পৰিদৰ্শক/জিলা প্ৰাথমিক শিক্ষা বিষয়াক দিয়া হয় আৰু তেওঁলোকক কেইজনমান নিৰ্দিষ্ট সংখ্যক শিক্ষকক প্ৰশিক্ষণৰ বাবে নিযুক্ত কৰিবৰ কাৰণে অনুৰোধ কৰা হয়। ডৰষ্টেপ কাৰ্য্যসূচী আয়োজন কৰাৰ সময়ত আমি নিৰ্দিষ্ট জিলাৰ বিদ্যালয় পৰিদৰ্শক/জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ লগত যোগাযোগ কৰা হয় যত আমি প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আয়োজন কৰিবৰ কাৰণে প্ৰস্তাৱ কৰো। আমি সংশ্লিষ্ট বিষয়াক অনুৰোধ কৰো যো কাৰ্য্যসূচীৰ কাৰণে একোটা নিৰ্দিষ্ট স্থান আৰু কিছুসংখ্যক নিৰ্দিষ্ট শিক্ষকক নিয়োগৰ ব্যৱস্থা কৰে।
(৫) কোনে ইংৰাজী ভাষা শিকন প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজন কৰা প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব পাৰে?উত্তৰঃ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু অসমৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়সমূহত ইংৰাজী শিক্ষাদানকাৰী মাধ্যমিক শিক্ষকসকলে ইংৰাজী ভাষা শিকন প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজন কৰা প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব পাৰে।