মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা

সহযোগী কাৰ্য্যক্ৰম আৰু বিস্তাৰ কাৰ্য

ইংৰাজী ভাষাৰ শিক্ষণ সংস্থাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠিত কিছুমান সংস্থাৰ সহযোগত কিছুমান শিক্ষণ প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰদান কৰে। ইয়াৰোপৰি ই বিধিগত শক্ষাৰ লগত জড়িত চৰকাৰী আৰু সাংবিধানিক সংস্থাৰ লগত মিলি জিলাভিত্তিক ৰাজ্য আৰু শিক্ষক সংস্থাত কাম কৰে। এই সংস্থাবোৰে যাৰ লগত মিলি ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা, অসমে শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম নাইবা কৰ্মশালা অনুষ্ঠিত কৰে সেইবোৰ হল- ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ ইউনিভাৰ্চিটী, হায়দৰবাদ, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম, সৰ্বশিক্ষা অভিযান, অসম, ৰাষ্ট্ৰীয় মধ্যমিক শিক্ষা অভিযান, অসম, আকাশবাণী কেন্দ্ৰ, ব্ৰিটিছ কাউন্সিল, আঞ্চলিক ইংৰাজী ভাষা কাৰ্যালয়, অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ, অসম মাধ্যমিক শিক্ষা পৰিষদ ইত্যাদি। ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমে কেইটামান প্ৰতিষ্ঠানক দায়িত্ব প্ৰদান কৰিছে শিক্ষক প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত কৰিবৰ বাবে, প্ৰশিক্ষ অনুষ্ঠানৰ ববে সামগ্ৰীসমূহ প্ৰস্তুত কৰিবৰ বাবে, পাঠ্যপুথি আৰু অন্যান্য শিক্ষণ, শিকনৰ সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে, ইংৰাজীৰ পৰা আন ভাষা আৰু আন ভাষাৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ সামগ্ৰীসমূহ প্ৰস্তুত কৰিবৰ বাবে ইত্যাদি। বিভিন্ন ধৰণৰ সভা, সমিতি যিবোৰ অসম চৰকাৰে গঠন কৰিছে আৰু অন্যান্য সংসদীয় বিধান মতে গঠিত সভা যিবোৰে অসমৰ সাধাৰণ শিল্প অসমৰ ইংৰাজী শিক্ষণ, শিকন আৰু এি ক্ষেত্ৰত পৰামৰ্শ আৰু সহযোগিতা প্ৰদান কৰে আমাৰ সমৰ্থবান সদস্য হিচাপে।

প্ৰশিক্ষণ অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হয় আঞ্চলিক ইংৰাজী ভাষা কাৰ্যালয়, শৈক্ষিক আৰু সাংস্কৃতিক বিনিময় অনুষ্ঠান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ সংযোগত।