মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা

ব্যুত্পত্তিগত পাঠ্যক্ৰম

ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমে ইংৰাজী ভাষাৰ বিসেষকৈ ছাত্ৰ আৰু সাধাৰণ ৰাইজৰ বাবে ইংৰাজী কথন শিক্ষা ব্যৱস্থা কৰিছে। সাধাৰণতে অনাগত পাঠ্যক্ৰমৰ তথ্যৰ বিষয়ে স্থানীয় সংবাদ-পত্ৰত দিয়া হয়। যদি এি ক্ষেত্ৰত কোনো দাবী থাকে অন্ততঃ ২০জন মানুহৰ তেন্তে সংবাদ-পত্ৰত কোনো বিজ্ঞাপন নিদিয়াকৈয়ে পাঠ্যক্ৰম প্ৰদান কৰে। সময়ৰ ওপৰত ভিত্তি কৰি অনুষ্ঠানসমূহৰ প্ৰকাশ ক্ষমতাক নমনীয় কৰা হয়। নিৰ্দিষ্ট গোটৰ প্ৰয়োজনীয়তা অনুসৰি পাঠ্যক্ৰমসমূহ নিজৰ মতে ৰখা হয়। লোকসকলে কাৰ্যালয় চলি থকা সময়ত কাৰ্যলয়ৰ সৈতে টেলিফোন আৰু ই-মেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰে।

  • সময়-সীমা – দুমহীয়া (২৫টা শ্ৰেণী, প্ৰতিটো শ্ৰেণীৰ সময় সীমা এঘণ্টাকৈ)।
  • পাঠ্যক্ৰমৰ মাচুল – ১৫০০ টকা
  • অৰ্হতা – মেট্ৰিক উত্তীৰ্ণ।
  • সময় – যিকোন সময় ৰাতিপুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈকে
  • স্থান – ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসম
  • অনাগত অনুষ্ঠান (আহিবলগীয়া)।

ইংৰাজী কথন পাঠ্যক্ৰম –

ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমে ইংৰাজী কথন পাঠ্যক্ৰমৰ শিক্ষা কেৱল ১ জুন ২০১৭ৰ পৰা নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে প্ৰস্তুত কৰিছে। যিসকল ছাত্ৰই নিজৰ নামভুক্ত কৰিছে তেওঁলোকে অনুষ্ঠানসমূহৰ বাবে পাঠ্যক্ৰমৰ মাচুলত ৰেহাই পায়। তেওঁলোকে ১৫০০ টকাৰ পৰিৱৰ্তে ৫০০ টকা পাঠ্যক্ৰমৰ বাবে দিব লাগে। নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰই অৰ্হতা প্ৰমাণত ৰেহাই পায়। পত্ৰ প্ৰেৰণ কৰা হল নগৰৰ চৰকাৰী বিদ্যালয়ৰ প্ৰধানসকললৈ।