- অসমত ইংৰাজী ভাষা শিক্ষণ আৰু শিকণক উন্নত কৰা।
- ইংৰাজীত শিক্ষকক প্ৰশিক্ষণ দিয়া।
- অসমত পাঠ্য তালিকা, পাঠ্যপুথি, পৰীক্ষা পদ্ধতি আৰু ইংৰাজীৰ লগত জড়িত বিষয়ক উন্নত কৰা।
ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমৰ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকল (ইংৰাজী বিভাগৰ) বাবে বিভিন্ন ধৰণৰ ইংৰাজী ভাষা শিক্ষণ অনুষ্ঠান প্ৰস্তুত কৰে। ই লগতে অনুৰোধ মৰ্মে অসমৰ ইংৰাজী বিষয় শিক্ষকসকলৰ বাবে পুনৰচৰ্চা পাঠ্যক্ৰম পৰিচালনা কৰে।
ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমে পৰিচালনা কৰা অনুষ্ঠানসমূহ হল –
- চাকৰি কৰি থকা অৱস্থাতো প্ৰশিক্ষণ
- ইংৰাজী কথন শিকন
- ভাষাৰ গৱেষণা প্ৰকল্প
- সামগ্ৰী প্ৰস্তুতি আৰু প্ৰকাশন
- অধিবেশন অধ্যয়ন গোষ্ঠী)
ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমে পৰিচালনা কৰে বাবে বিভিন্ন ধৰণৰ নিৰ্ধাৰিত পাঠ্যক্ৰম। দীৰঘ সময়-সীমাৰ কাৰ্যতালিকা হল-
- তিনিমহীয়া ডিপ্লোমা পাঠ্যক্ৰম, ইংৰাজী ভাষাৰ শিক্ষণ।
- এমহীয়া মানপত্ৰ পাঠ্যক্ৰম, ইংৰাজী ভাষাৰ শিক্ষণ।
- কম সময়ৰ বাবে চাকৰি কৰি থকা অৱস্থাত ইংৰাজী ভাষাৰ শিক্ষণ ব্যৱস্থা, ইংৰাজী ভাষাৰ শিক্ষক সংস্থাৰ অধীনত, অসম আৰু পিছপৰা আৰু জনজাতীয় অঞ্চল, অসম। প্ৰশিক্ষণ কাৰ্যতালিকাৰ বাহিৰেও ইংৰাজী ভাষাৰ শিক্ষণ সংস্থাই ইংৰাজী ভাষা শিক্ষণ আৰু ভাষাগত বিভাগত গৱেষণা প্ৰকল্পসমূহল দায়িত্ব লয়। ই লগতে ইংৰাজী ভাষা শিক্ষণ আৰু মানৱ সম্পদ বিভাগত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডলৈ পৰামৰ্শ দান সেৱা আগবঢ়ায়।