মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা

শিক্ষকৰ সেৱা প্ৰশিক্ষণ কাৰ্য্যসূচীত উপস্থিত হোৱা

কোনো শিক্ষক যিয়ে প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়ত ইংৰাজী শিকায় সেইসকলে ইংৰাজী ভাষা শিক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰে।

সাধাৰণতে কোনো প্ৰশিক্ষণৰ জাননী জিলাসমূহৰ বিদ্যালয়সমূহৰ পৰিদৰ্শন অথবা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ জৰিয়তে পাঠ্যক্ৰম অনুসৰি শিক্ষক প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ মূখ্য কাৰ্য্যালয়ৰ তৰফৰ পৰা অৱগত কৰোৱা হয়। ডৰ ষ্টেপ কাৰ্য্যসূচী অনুষ্ঠিত কৰিবলৈ হলে সংস্থাৰ তৰফৰ পৰা নিৰ্দিষ্ট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অথবা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সৈতে পোনপটীয়া যোগাযোগ কৰি এনে কাৰ্য্যসূচীৰ বাবে স্থান নিৰ্ধাৰণ আৰু শিক্ষক নিৰ্বাচন কৰিবলৈ অনুৰোধ জনোৱা হয়।

যিসকল এই কাৰ্যযসূচীত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী তেনে শিক্ষক সকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব পাৰে আৰু কাৰ্য্যসূচীত উপস্থিত হোৱাৰ বাবে নিযুক্তি লাভ কৰে। প্ৰশিক্ষণৰ সময়ছোৱাত শিক্ষকসকলে তেওঁলোকৰ নিজ নিজ বিদ্যালয়ৰ পৰা দৰমহা উলিয়াব পাৰিব আৰু তেওঁলোকে ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমৰ আদৰ্শ অনুসৰি পৰিবহণ ভাত্তা আৰু দৈনিক ভাত্তা লাভ কৰে।