মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা

সংস্থা সম্পৰ্কে

ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমৰ ইংৰাজী শিক্ষক প্ৰশিক্ষণ বিভাগৰ এটা প্ৰদান সংস্থা। ই এক স্বতন্ত্ৰ সংস্থা যিটো স্থাপন কৰিছিল অসম চৰকাৰৰ শিক্ষা বিভাগে ১৮৮৬ চনত ছচাইটী ৰেজিষ্ট্ৰেশ্যন এক্ট,১৮৬০ৰ অধীনত। এই সংস্থা প্ৰতিষ্ঠা হৈছিল তলৰ উদ্দেশ্যসমূহ লৈ-

  • অসমত ইংৰাজী ভাষা শিক্ষণ আৰু শিকণক উন্নত কৰা।
  • ইংৰাজীত শিক্ষকক প্ৰশিক্ষণ দিয়া।
  • অসমত পাঠ্য তালিকা, পাঠ্যপুথি, পৰীক্ষা পদ্ধতি আৰু ইংৰাজীৰ লগত জড়িত বিষয়ক উন্নত কৰা। এইখন অৱস্থিত কাহিলীপাৰাত, গুৱাহাটী-৭৮১০১৯। এই সংস্থাই আৰ্থিক অনুদান অসম চৰকাৰৰ পৰা লাভ কৰে, সেই অৰ্থৰে কৰ্মচাৰীসকলক দৰমহা দিয়াৰ লগতে ভাড়াঘৰ, কাৰ্যালয়ৰ খৰচ, পৰিবহনৰ খৰচ দিয়া হয়। ই মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ পৰাও আৰ্থিক সাহায্য লাভ কৰে। ২০০৮ চনলৈকে ভাষা বিভাজন কৰা হয় চাকৰি কৰি থকা অৱস্থাত প্ৰশিক্ষণ কাৰ্যক্ৰমৰ প্ৰস্তুতিত। যেতিয়া এই সংস্থাই মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ পৰা ইংৰাজী ভাষা শিক্ষণ সংস্থাৰ পৰা সাহায্য পুথি লাভ নকৰা হল তেতিয়া এই সংস্থাই ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ ইউনিভাৰ্চিটীৰ পৰা (হায়দৰাবাদ) আৰ্থিক অনদান লাভ কৰিলে যাত দ্বাৰা তেওঁলোকৰ প্ৰশিক্ষণ, শিক্ষণ কাৰ্যক্ৰম চলাই থাকিব পৰা হল।
    শিক্ষা বিভাগ মণ্ডল গঠন কৰিছিল অসম চৰকাৰে, যাতে ই সংস্থাৰ প্ৰসাসনিক কাৰ্যস্মহূ তত্বাৱধান কৰিব পাৰে। আয়ুক্ত আৰু সচিব, প্ৰাথমিক শিক্ষা বিভাগ, অসম চৰকাৰ তেওঁলোক হল সঞ্চালক আৰু ইংলিছ আৰু ফৰেইন লেংগুৱেজ ইউনিভাৰ্চিটীৰ উপাচাৰ্য, চৰকাৰ আৰু সাংবিধানিক মণ্ডলৰ গণ্য-মান্য ব্যক্তিসকল যি ৰাজ্যৰ আনুষ্ঠানিক শিক্ষাৰ ভাৰপ্ৰাপ্ত তেওঁলোক মণ্ডলৰ সদস্য। সংস্থাৰ সঞ্চালকজন হল সদস্য-সচিব।

ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমৰ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে (ইংৰাজী) বিভিন্ন ধৰণৰ ইংৰাজী ভাষা শিক্ষাৰ কাৰ্যক্ৰম প্ৰস্তুত কৰে। ই লগতে অনুৰোধ মৰ্মে অসমৰ ইংৰাজী বিষয় শিক্ষকসকলৰ বাবে পুনৰ চৰ্চা পাঠ্যক্ৰম পৰিচালনা কৰে। ইংৰাজী ভাষা সিক্ষা সংস্থা, অসমে পৰিচালনা কৰা কাৰ্যক্ৰম হল –

  • চাকৰি কৰি থকা অৱস্থাতো প্ৰশিক্ষণ
  • ইংৰাজী কথন শিকন
  • ভাষাৰ গৱেষণা প্ৰকল্প
  • সামগ্ৰী প্ৰস্তুতি আৰু প্ৰকাশন
  • অধ্যয়ন গোষ্ঠী
  • প্ৰসাৰণ কাৰ্য।

ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমে পৰিচলানা কৰা বিভিন্ন ধৰণৰ সময়-সীমাৰ পাঠ্যক্ৰম-

  • তিনিমহীয়া ডিপ্লোমা পাঠ্যক্ৰম, ইংৰাজী ভাষাৰ শিক্ষণ।
  • এমহীয়া মানপত্ৰ পাঠ্যক্ৰম, ইংৰাজী ভাষাৰ শিক্ষণ।
  • প্ৰয়োজন সাপেক্ষে ইংৰাজী ভাষা শিক্ষণৰ চাকৰি কৰি থকা অৱস্থাত কম সময়সীমাৰ প্ৰশিক্ষণ কাৰ্যক্ৰম, ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসম।
  • প্ৰয়োজন সাপেক্ষে ইংৰাজী ভাষাৰ শিক্ষণৰ প্ৰশিক্ষণ কাৰ্যক্ৰম পিছপৰা আৰু জনজাতীয় অঞ্চলত কম সময়সীমাৰ।
    আমাৰ বিদ্যায়তনিক বিষয়সমূহ ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ ইউনিভাৰ্চিটী, হায়দৰাবাদে নিৰীক্ষণ কৰে। শিক্ষকসকলে প্ৰশিক্ষণ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে তেওঁলোকে ইংৰাজী ভাষা শিক্ষণ সংস্থাৰ সাহায্য আঁচনি আৰু ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমৰ মানদণ্ড অনুযায়ী দৰমহা আৰু পৰিবহন সেৱা লাভ কৰে। ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমৰ বিশেষভাৱে সজোৱা গ্ৰন্থাগাৰ আছে, যত বিভিন্ন ধৰণৰ গ্ৰন্থ, যেনে- ভাষাতত্ব সম্বন্ধীয়, প্ৰমালীবদ্ধ বিজ্ঞান, ইংৰাজী ভাষা শিক্ষণ, ইংৰাজী সাহিত্য বিষয়ক আদি আছে। এই গ্ৰন্থাগাৰটো ইংৰাজী ভাষা বিভাগত ৰাজ্যৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ হিচাপে স্বীকৃতি দিয়া হয়। আমি ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ ইউনিভাৰ্চিটী, হায়দৰাবাদ, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম, সৰ্বশিক্ষা অভিযান, অসম, ৰাষ্ট্ৰীয় মধ্যমিক শিক্ষা অভিযান, অসম, আকাশবাণী কেন্দ্ৰ, আঞ্চলিক ইংৰাজী ভাষা কাৰ্যালয়, অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ, অসম মাধ্যমিক শিক্ষা পৰিষদ, ব্ৰিটিছ কাউন্সিল আৰু জিলা আৰু ব্লক পৰ্যায়ৰ শিক্ষক সংস্থাৰ সৈতে সংযোগ হৈ কাম কৰো, যাতে শিক্ষক প্ৰশিক্ষণ কাৰ্যক্ৰম, প্ৰশিক্ষণ কাৰ্যক্ৰম কৰিবৰ বাবে সামগ্ৰীসমূহ প্ৰস্তুত, পাঠ্যক্ৰম আৰু অন্যান্য শিকন, শিক্ষণ, শিকনৰ সামগ্ৰী প্ৰস্তুত ইংৰাজীৰ পৰা আন ভাষা আৰু আন ভাষাৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ সামগ্ৰীসমূহ প্ৰস্তুত কৰিব পাৰো। অসমৰ আনুষ্ঠানিক শিক্ষাৰ ভাৰপ্ৰাপ্ত অসম চৰকাৰ আৰু গণ্যমান্য মণ্ডলসমূহৰ দ্বাৰা গঠিত বিভিন্ন মণ্ডল, কমিটীৰ আমি সদস্য।