ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমৰ বিশেষভাৱে সজোৱা গ্ৰন্থাগাৰ আছে, যত বিভিন্ন ধৰণৰ গ্ৰন্থ যেনে- ভাষা তত্ব সম্বন্ধীয়, প্ৰণালীবদ্ধ বিজ্ঞান, ইংৰাজী ভাষা শিক্ষণ, ইংৰাজী সাহিত্য বিষয়ক আদি আছে। এই গ্ৰন্থাগাৰটোত অভিধান আৰু বিশ্বকোষ আদিৰ ভাল সংগ্ৰহ আছে। এই গ্ৰন্থাগাৰটো ইংৰাজী ভাষা বিভাগত ৰাজ্ৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ হিচাপে স্বীকৃতি দিয়া হয়।
ইংৰাজী ভাষা শিক্ষন সংস্থা, অসমে এখন সংস্থা-পত্ৰও প্ৰকাশ কৰে। ইয়াত পূৰ্বৰ সকলো কৰ্মৰ খতিয়ান আৰু প্ৰস্তাৱিত অনুষ্ঠান আৰু অনাগত সময়ত সংস্থাৰ পৰিকল্পনাসমূহ লিপিবদ্ধ কৰা হয়।
ইংৰাজী ভাষা শিক্ষণ সংস্থাই কিছু সংখ্যক শিক্ষক হাতপুথিও প্ৰকাশ কৰে।
ইংৰাজী ভাষা শিক্ষণ সংস্তাই পাঠ্যপুথি লিখন, পাঠ্যক্ৰম সজ্জ্বাৰ সামগ্ৰী, প্ৰশিক্ষণ সামগ্ৰী আদিৰ ক্ষেত্ৰত অভিজ্ঞ মতামতৰ বাবে ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম আৰু অসম মাধ্যমিক শিক্ষা পৰিষদক দায়িত্ব প্ৰদান কৰে।