মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা

ইংৰাজী শিক্ষকৰ প্ৰশিক্ষণ

ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা, অসম হল ইংৰাজী শিক্ষক প্ৰশিক্ষণৰ এখন প্ৰধান শিক্ষানুষ্ঠান (সংস্থা)। ই এক স্বতন্ত্ৰ সংস্থা যিটো স্থাপন কৰিছিল অসম চৰকাৰৰ শিক্ষা বিভাগে ১৯৮৬ চনত “ছ‘চাইটীজ্ ৰেজিষ্ট্ৰেশ্যন এক্ট ১৮৬০“ৰ অধীনত। অসম চৰকাৰৰ দ্বাৰা গঠিত শিক্ষা বিভাগৰ মণ্ডলে এই সংস্থাৰ প্ৰশাসনিক বিষয়টো চোৱাচিতা কৰে। আয়ুক্ত আৰু সচিব অসম চৰকাৰৰ প্ৰাৰম্ভিক শিক্ষা বিভাগৰ অধ্যক্ষ। অন্যান্য সদস্যসকল হৈছে সেইসকল লোক যিসকল চৰকাৰী উচ্চ পদাধিকাৰী আৰু চৰকাৰী সাংবিধানিক সংস্থাৰ লোক, তেওঁলোক বিধিগত শিক্ষাৰ লগত জড়িত। এই সংস্থাই শৈক্ষিক আৰু আৰ্থিক দিশত সহায় লাভ কৰি আহিছে ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ ইউনিভাৰ্চিটী, হায়দাৰাবাদৰ পৰা।

ইংৰাজী ভাষাৰ শিক্ষণ সংস্থাই বিভিন্ন ধৰণৰ ইংৰাজী ভাষাৰ শিক্ষণৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ইংৰাজী শিক্ষকৰ বাবে – (নিম্ন প্ৰাথমিক পৰ্যায়, উচ্চ প্ৰাতমিক আৰু মাধ্যমিকৰ শিক্ষক)। অনুৰোধ মৰ্মে এই সংস্থাই পুনঃচৰ্চা পাঠ্যক্ৰম ইংৰাজী বিষয় শিক্ষকসকলৰ বাবে প্ৰদান কৰে।
ইংৰাজী ভাষাৰ শিক্ষণ সংস্থাই অনুষ্ঠিত কৰা কাৰ্যতালিকা-

  • চাকৰি কৰি থকা অৱস্থাতো প্ৰশিক্ষণ
  • ইংৰাজী কথন শিকন
  • ভাষাৰ গৱেষণা প্ৰকল্প
  • সামগ্ৰী প্ৰস্তুতি আৰু প্ৰকাশন
  • অধিবেশন অধ্যয়ন গোষ্ঠী)
ইংৰাজী ভাষাৰ শিক্ষণ সংস্থাই বিভিন্ন ধৰণৰ সময়সীমাত নিৰ্ধাৰিত পাঠ্যক্ৰম পাঠদান কৰে। দীৰ্ঘ সময়সীমাৰ পাঠ্যক্ৰম হল-
  • মহীয়া ডিপ্লোমা পাঠ্যক্ৰম, ইংৰাজী ভাষাৰ শিক্ষণ।
  • এমহীয়া মানপত্ৰ পাঠ্যক্ৰম, ইংৰাজী ভাষাৰ শিক্ষণ।
  • কম সময়ৰ বাবে চাকৰি কৰি থকা অৱস্থাত ইংৰাজী ভাষাৰ শিক্ষণ ব্যৱস্থা, ইংৰাজী ভাষাৰ শিক্ষক সংস্থাৰ অধীনত, অসম আৰু পিছপৰা আৰু জনজাতীয় অঞ্চল, অসম।