মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা

ইংৰাজী শিক্ষকৰ প্ৰশিক্ষণ

ইংৰাজী ভাষা প্ৰশিক্ষণ সংস্থাৰ দ্বাৰা আগবঢ়োৱা সেৱা-প্ৰশিক্ষণ কাৰ্য়্যসূচী

ইংৰাজী ভাষা প্ৰশিক্ষণ সংস্থাই নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চত্তৰ মাধ্যমিকত কৰ্মৰত ইংৰাজী বিষয় শিক্ষকসকলৰ বাবে সময়ে সময়ে প্ৰশিক্ষণ কৰ্মসূচী অনুষ্ঠিত কৰি আহিছে। এই সংস্থাই বিভাগীয় অনুৰোধ ৰক্ষা কৰি কৰ্মৰত শিক্ষকসকলৰ বাবে উন্নয়ন পাঠ প্ৰশিক্ষণৰো ব্যৱস্থা কৰে। এই সংস্থাৰ দ্বাৰা অনুষ্ঠিত কৰ্মসূচীসমূহ হৈছে-

  • ইংৰাজী ভাষাৰ ওপৰত তিনিমহীয়া ডিপ্লোমা পাঠ্যক্ৰম
  • ইংৰাজী ভাষাৰ ওপৰত এমহীয়া মানপ্ৰত্ৰ পাঠ্যক্ৰম
  • ইংৰাজী ভাষা শিক্ষাৰ ওপৰত হ্ৰস্বকালীন প্ৰশিক্ষণ
  • অসমৰ জনজাতীয় আৰু অধ্যুষিত অঞ্চলৰ বাবে হ্ৰস্বকালীন ডৰষ্টেপ কাৰ্য্যসূচী

সংস্থাৰ দ্বাৰা অনুষ্ঠিত প্ৰশিক্ষণসমূহৰ দ্বাৰা প্ৰণালীবদ্ধ বিজ্ঞান, ব্যাকৰণ, মূল্যায়ন আৰু পৰীক্ষণ, শ্ৰেণী কোঠা ব্যৱস্থাপন, সমকক্ষ শিকণ, পঠন দক্ষতা, ব্যৱস্থাবিধি ইত্যাদি বিষয়সমূহ সামৰি লোৱা হয়।

তিনিমহীয়া আৰু এমহীয়া পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কৰ্মৰত আবেদনকাৰী শিক্ষকসকলে এক লিখিত পৰীক্ষাত অৱৰ্তীণ হব লাগে। প্ৰশিক্ষণ কালছোৱাত প্ৰাৰ্থীসকলৰ থকা মেলাৰ বাবে সংস্থাৰ অতিথি আলয়ত সু-ব্যৱস্থা আছে। প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰাৰ্থীসকলে সংস্থাৰ নিয়মানুসৰি পৰিবহণ ভাত্তা আৰু দৈনিক ভাত্তা লাভ কৰে। অতিথিশালাত থকা প্ৰাৰ্থীসকলৰ বাবে খোৱা লোৱাৰ সু-ব্যৱস্থা আছে।

সাধাৰণতে কোনো প্ৰশিক্ষণৰ জাননী জিলাসমূহৰ বিদ্যালয়সমূহৰ পৰিদৰ্শন অথবা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ জৰিয়তে পাঠ্যক্ৰম অনুসৰি শিক্ষক প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ মূখ্য কাৰ্য্যালয়ৰ তৰফৰ পৰা অৱগত কৰোৱা হস। ডৰ ষ্টেপ কাৰ্য্যসূচী অনুষ্ঠিত কৰিবলৈ হলে সংস্থাৰ তৰফৰ পৰা নিৰ্দিষ্ট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অথবা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সৈতে পোনপটীয়া যওগাযোগ কৰি এনে কাৰ্য্যসূটীৰ বাবে স্থান নিৰ্ধাৰণ আৰু শিক্ষক নিৰ্বাচন কৰিবলৈ অনুৰোধ জনোৱা হয়। এইক্ষেত্ৰতো শিক্ষকসকলে সংস্থাৰ নিয়মানুসৰি নিৰ্ধাৰিত পৰিবহণ ভাত্তা আৰু দৈনিক ভাত্তা লাভ কৰে।